ধেমাজি ডিব্ৰুগড় সংযোগী বগীবিল দলঙৰ সোঁমাজত ভয়ংকৰ দুৰ্ঘটনা

287

ধেমাজি ডিব্ৰুগড় সংযোগী বগীবিল দলঙৰ সোমাজত আজি পুৱা প্ৰায় ৮.৩০ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে ডিব্ৰুগড়ৰৰ পৰা ধেমাজি অভিমুখে আহি থকা পিজাৰিঅ ষ্পৰ্টচ AR01 -H-1975 নম্বৰযুক্ত বাহনখনৰ সৈতে চিলাপথাৰৰ পৰা ডিব্ৰুগড়ৰ অভিমুখে গৈ থকা AR 01-J-9465 নম্বৰযুক্ত হোন্দা টিয়েটা দুয়োখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ ইপিনে হোন্দা টিয়েটা বাহনখনৰ পিচে পিচে ডিব্ৰুগড়ৰ অভিমুখে মাছ কঢ়িয়াই নিয়া এজন মাছ ব্যৱসায়ী নিজ AS-22 E- 3120 নম্বৰযুক্ত মটৰচাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি যোৱা বাহনখনৰ ওপৰত প্ৰচণ্ডভাৱে খুন্দিয়াই বহু দুৰত চিটিকি পৰে ৷ ভয়ংকৰ ঘটনাটোৰ ফলত মটৰচাইকেল আৰোহী আৰু হোন্দা টিয়েটাখনৰ চালক গুৰুত্বৰভাৱে জখম হয় ৷ দুয়োগৰাকীকে আৰক্ষী আৰু পথচাৰীয়ে ততাতৈয়াকৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।