ষ্টাফৰিপৰ্টাৰ, ব্ৰহ্মপুত্ৰৰ উপনৈ জীয়াধলে সম্প্ৰতি বানপানীত বৃহৎ ক্ষতিসাধন কৰিছে। ধেমাজি জিলাৰ ভোজগাঁও অঞ্চলত সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত, নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ৰণোজ পেগুৰ সৈতে উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানপীড়িত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে।
