ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ধেমাজি কাণ্ড সন্দৰ্ভত প্ৰদান কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অধ্যয়ন কৰিবলৈ কয়।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘মই ডিজিপিক উচ্চ ন্যায়ালয়ৰ ৰায় অধ্যয়ন কৰিবলৈ কৈছো, আৰু যদি আমি আইনী পৰামৰ্শ পাওঁ তেন্তে আমি ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিম। সন্মানীয় বিচাৰকসকলে কেনেকৈ এই সিদ্ধান্তত উপনীত হৈছে চোৱাৰ প্ৰয়োজন। ৰায়দানৰ কপি কালিলৈকে উপলব্ধ নাছিল।”
উল্লেখ্য যে, ২০০৪ চনৰ ধেমাজি বোমা বিস্ফোৰণৰ ঘটনাৰ সকলো অভিযোগৰ পৰা গৌহাটী উচ্চ ন্যায়ালয়ে ২৪ আগষ্টত অভিযুক্তক দোষমুক্ত কৰাৰ পিছতে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।
গৌহাটী উচ্চ ন্যায়ালয়ত নিম্ন আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ পিছতে অভিযুক্তসকলে সকলো অভিযোগৰ পৰা মুক্ত হোৱাৰ পিছতে এই কথা প্ৰকাশ কৰিছে।
