ধেমাজি জিলাৰ চমৰাজান পানীতোলাত সংঘটিত হৈছে এক শোকাবহ ঘটনা।
ৰে’ল লাইন পাৰ হ’বলৈ লওতেই স্কৰপিঅ’ বাহনক মহতিয়াই লৈ গ’ল নাহৰলগুন-তিনিচুকীয়া ইণ্টাৰচিটী এক্সপ্ৰেছ ৰে’লখনে।
দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আহত হয় এগৰাকী মহিলা।
নিহত জনক ডিম্পুল বৰগোঁহাই বুলি চিনাক্ত কৰা হৈছে।
আনহতে আহত মহিলাগৰাকী হৈছে অমৰাৱতী দলে।
গেটবিহীন ৰে’ল লাইনটো পাৰ হ’বলৈ লওতেই এই শোকাবহ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ইতিমধ্যে নিহতজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত মহিলাগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰিছে।
দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে শোকৰ ছাঁ।
ইপিনে, এই শােকাৱহ ঘটনাৰ বাবে ৰে’ল বিভাগকে জগৰীয়া কৰে স্থানীয় লোকে।
বাৰম্বাৰ অনুৰােধ কৰাৰ পিছতে উক্ত ঠাইত ৰে’লৱে গে’ট স্থাপন নকৰাৰ বাবেই পুনৰ উক্ত ঠাইত দুৰ্ঘটনা সংঘটিত হােৱা বুলি জানিবলৈ দিয়ে স্থানীয় লােকে।
