ধেমাজিত অনুষ্ঠিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিলৈ অ’বিচি চাৰ্টিফিকেটসমূহ অ’বিচি ব’ৰ্ডে ইমানদিনে দি আছে।অ’বিচিৰ চাৰ্টিফিকেট যাতে জনগোষ্ঠীটোৰ ব’ৰ্ডে দিব পাৰে তাৰ ব্যৱস্থা হাতত লোৱা হৈছে কেবিনেট বৈঠকত।
আনহাতে, ধেমাজি জিলাত দুটা ট্ৰাইবেল বেল্ট আৰু ব্ল’ক আছে। এই দুয়োটা ট্ৰাইবেল বেল্ট এণ্ড ব্ল’কত এতিয়াৰে পৰা টাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু গোৰ্খাসকলে মাটি-বাৰী কিনা-বেচা কৰিব পাৰিব। মিছন বসুন্ধৰা আঁচনি দুই অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷
ৰাজহ চক্ৰ বিষয়া-কৰ্মচাৰীসকলক মিছন বসুন্ধৰা শেষ নোহোৱালৈ আন কামত ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। ডিব্ৰুগড় আৰু শিলচৰৰ মিউনিচিপালটী ব’ৰ্ডবোৰ এতিয়াৰ পৰা মিউনিচিপালটী ক’ৰ্পৰেচন হ’ব। হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ ভুক্তভোগী কৰ্মী আৰু লিকুইডিটৰৰ বাবে ৭০০ কোটি টকাৰ পেকেজ কেবিনেটত মঞ্জুৰি দিয়া হৈছে। দুয়োটা কাগজ কলৰ ৪৭০০ বিঘা মাটি অসম চৰকাৰৰ হ’ব।
মাইক্ৰ’ফাইনেন্স লোণ ৰেহাইৰ ১১ লাখ লোকৰ বাবে ১৮০০ কোটি টকা অনুমোদন কৰা হৈছে। ডিচেম্বৰৰ ১ তাৰিখৰ পৰা চেক দিয়া হ’ব। ধেমাজিৰ ইন্টিগ্ৰেটেড ডিচি কাৰ্যালয়টোৰ বাবে ৫০ কোটি টকা অনুমোদন দিয়া হৈছে। জিলাৰ সকলো কাৰ্য্যালয় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন হ’ব৷
ধেমাজিত হ’ব উন্নত মানৰ ষ্টেডিয়াম।তাৰ বাবেও ৫০ কোটি টকা অনুমোদন দিয়া হৈছে। জোনাইৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰেৰে হ’ব এটা পথ।জোনাই, ধেমাজি, মাজুলী, ঢকুৱাখনা চাৰিওটা সমষ্টি সামৰি ল’ব।ইয়াৰ বাবে ১৮৩ কোটি টকা ব্যয় কৰা হ’ব। ধেমাজিত বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি টকা অনুমোদন কৰা হৈছে। ধেমাজিত হ’ব এখন মেডিকেল কলেজ ।তাৰ ব্যয় প্ৰায় ৫৫০-৬০০ কোটি টকা হ’ব।
কেবিনেটে ধেমাজিৰ উন্নয়নৰ বাবে ৪৩৩ কোটি টকা ধাৰ্য কৰে। প্ৰতিমাহে এখন কেবিনেট বৈঠক দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ’ব।কেবিনেটলৈ অহাৰ সময়ত দুদিন মন্ত্ৰীসকলে জিলা ভ্ৰমণ কৰিব। নৱেম্বৰৰ পহিলা সপ্তাহত বঙাইগাঁৱত আৰু ডিচেম্বৰৰ পহিলা সপ্তাহত হাফলংত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব।
