ধুমুহাই দুচকুত নমাইছে চকুপানী…

76

সমৰ দেৱনাথ, হোজাইঃ ধুমুহাৰ তাণ্ডৱত গৃহহীন হল বহু পৰিয়াল। এতিয়া মুকলি আকাশৰ তলত সৰ্বস্ব হেৰুৱাই হুক হুকাই কান্দি উঠিছে তেওঁলোকে।

দেওবাৰে দুপৰীয়াৰ ভাগত হোজাইৰ বিভিন্ন প্ৰান্তত অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে এনেদৰে ভাগি-মোহাৰি থৈ গৈছে বহু পৰিয়ালৰ বাসগৃহ। ইফালে হোজাইত দুৰ্যোগ ব্যৱস্থাপনা নামৰ এটা বিভাগ আছে যদিও এই মুহূৰ্তলৈকে দুৰ্গতসকলৰ এটা খবৰ লবলৈ আহৰি হোৱা নাই এই বিভাগৰ কোনো এজন কৰ্মচাৰীৰ। জীৱনৰ জমাপুঞ্জীৰে সাজি উলিওৱা সপোনৰ ঘৰখন এনেদৰে ধুমুহাৰ কবলত তচনচ হৈ পৰাত দিকহাৰা হৈ পৰিছে পৰিয়ালসমুহ।