ধুবুৰী বিএন কলেজ নগৰ আৰক্ষীয়ে আটক কৰে ছয় জন দালালক

206

ধুবুৰীত Food Corporation of India (FCI) গুদামত দালালী কাৰ্যত জড়িতৰ অভিযোগত ছয় জনক আটক আৰক্ষীৰ।
উল্লেখযোগ্য যে ধুবুৰী বিএন কলেজ নগৰ আৰক্ষীয়ে আটক কৰে ছয় জন দালালক । দীৰ্ঘদিন ধৰি FCI ৰ চাউলৰ দালালী কৰাৰ অভিযোগত আটক কৰে আৰক্ষীয়ে। চৰকাৰী FCI ৰ চাউলৰ দালালী কৰি কলা সাম্ৰাজ্য গঢ়া ছয় দালালক আটক কৰে ধুবুৰী বি এন কলেজ নগৰ আৰক্ষীয়ে। FCI ৰ‌ চাউল চুৰি কৰি বিক্ৰী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া । আটক লোকমান আলী, সঞ্জীৱ কুমাৰ দাস, জাহিদুৰ ৰহমান, ৰাজ আহমেদ, আনোৱাৰ আকন্দ, নুৰ মহম্মদ । প্ৰতিখন ট্ৰাকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহৰ অভিযোগ এই কেইজনৰ বিৰুদ্ধে। ইতিমধ্যে আটকাধীন ছয় জনৰ বিৰুদ্ধে ৩৫০/২২ নং কেচ ৰুজু হৈছে আৰু আৰক্ষীয়ে আটাইকে জেৰা অব্যাহত ৰাখিছে ।