ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাৰ অমানৱীয় গ্ৰেপ্তাৰ কাৰ্য্য আৰু ইয়াৰ আনুষংগিক দিশ সমূহৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ ভিডিঅ’ বাৰ্তাৰ চমু টোকা “

83

ষ্টাফৰিপৰ্টাৰ, চৰকাৰ প্ৰশাসনৰ ছত্রছায়াত বন ধ্বংস,গৰু ছিণ্ডিকেটকে আদি কৰি একাংশ দুষ্কার্যৰ স্বৰূপ উদঙাই দিয়াৰ বাবে ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক ধুবুৰী আৰক্ষীয়ে ৰাতি ২ বজাত ঘৰৰ পৰা অতি বৰ্বৰভাৱে যেনেদৰে গ্ৰেপ্তাৰ কৰি আনিলে সি গণতন্ত্রৰ চতুর্থ স্তম্ভৰ প্ৰতি চৰম ভাবুকি। এনে কার্যৰ দ্বাৰা ব্যক্তিৰ সংবিধান প্ৰদত্ত বাক স্বাধীনতা হৰণ কৰিব বিচাৰিছে অসম চৰকাৰৰ প্ৰশাসনে । এনে হঠকাৰী কাৰ্য্য মাথো নিন্দনীয়ই নহয় ই সমগ্র গণতান্ত্রিক পৰম্পৰাৰ প্ৰতিয়েই চৰম ভাবুকি স্বৰুপ।

সাংবাদিক ৰাজীৱ শৰ্মাৰ ওপৰত বৰ্বৰ আৰু অমানুষিক ব্যৱহাৰ কৰা মূল হোতা ধুবুৰীৰ আৰক্ষী অধীক্ষক আৰু ডি. এফ. অ’ জনক বদলি কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰে।চৰকাৰে দুয়োজনকে নিলম্বন নকৰিলে কিয়? ট্ৰেন্সফাৰ বা বদলি কৰাটো কোনো শাস্তিমূলক ব্যৱস্থা নহয়। মুখ্যমন্ত্রীয়ে অনতিপলমে এই দুই বিষয়াৰ বিৰুদ্ধে সাংবাদিক জনে যি দুৰ্নীতিৰ অভিযোগ আনিছে তাৰ সম্পূর্ণ নিৰপেক্ষ তদন্ত দিয়ক আৰু দোষীক কঠোৰতম শাস্তি প্রদান কৰক। এই অভিযোগৰ CBI ৰ তদন্তও হ’ব লাগে।

এই অমানুষিক বৰ্বৰতাৰ ঘটনাটোৱে সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া আৰু তুমুল অসন্তুষ্টি সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে যোৱাকালি মুখ্যমন্ত্রীক ধুবুৰীৰ সমগ্র বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণ হ’ল যে আমি সকলোৱে ইমানদিনে চৰকাৰৰ ছত্ৰছায়াত ৰাজ্যখনক ভয়াৱহ ভাৱে দুৰ্নীতি-ছিণ্ডিকেট চলি আছে বুলি অনা অভিযোগ সমূহ বিজেপি সভাপতি গৰাকীয়ে আওপকীয়াকৈ স্বীকাৰ কৰিছে। লগতে একাংশ বিষয়াৰ এইসমূহ দুষ্কার্য দেখি শুনিও যে সোণোৱাল চৰকাৰে নেদেখাৰ ভাও দি আছিল তাৰো দৃষ্টি আকর্ষণ কৰি ৰাইজৰ সন্মুখত উদঙাই দিয়াৰ বাবে ধন্যবাদ জনাইছো ।

ৰাজ্যখনৰ সকলো দল-সংগঠন, প্ৰতিটো সংবাদ গোষ্ঠীয়ে এই ভয়াৱহ দুৰ্নীতি-ছিণ্ডিকেটৰাজৰ বিষয়ে নানান তথ্য প্ৰমাণ সহকাৰে বাতৰি পৰিবেশন কৰিছে। খোদ বিজেপি দলৰ বিধায়ক শিলাদিত্য দেৱ, দিলীপ পাল আদিয়েও ভয়াৱহ দুৰ্নীতি ছিণ্ডিকেটৰ অভিযোগ আনিছে। তথাপিতো চৰকাৰে এনে দুষ্কার্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সকলোৰে সন্দেহ ঘনীভূত হৈছে যে মুখ্যমন্ত্রী সোণোৱালৰ আশীৰ্বাদ নাথাকিলে কেনেকৈ বিষয়াসকলে সাহস কৰিব?

গতিকে,এই সন্ধিক্ষণত মুখ্যমন্ত্রী গৰাকীয়ে নিমাতী কন্যাৰ ভাও জুৰিলে নহ’ব। মুখ্যমন্ত্রী সোণোৱালে যদি সঁচাকৈয়ে দুৰ্নীতিৰ বিষয়ে শূন্য সহনশীল নীতি গ্রহণ কৰিছে তেন্তে তেওঁ ৰাজ্যখনৰ মাৰ্ঘেৰিটা,বৰাক উপত্যকা,হোজাই,পাহাৰীয়া জিলাকেইখনত চলি থকা কয়লাৰ ছিণ্ডিকেট আৰু গৰু, শিল-বালি ইত্যাদিৰ যি নানান দুৰ্নীতি-ছিণ্ডিকেট সমগ্র ৰাজ্যজুৰি চলি আছে তাৰ এক চিবিআইৰ তদন্ত দিয়ক। ‘