ধুবুৰীৰ কাতলামাৰী চৰত আজমলে টুকিলে ঘঁৰিয়ালৰ চকু পানী

325

ধুবুৰীৰ কাতলামাৰী চৰত আজমলে টুকিলে ঘঁৰিয়ালৰ চকু পানী।

কংগ্ৰেছ দলৰ ভাৰত জোড়ো যাত্ৰাত শংকিত হল নেকি বদৰুদ্দিন আজল ?

যাৰ বাবে পুনৰ জৰাফুকাৰ ৰাজনীতিৰে সাংসদ হোৱাৰ সপোন আজমলৰ?

ধুবুৰীৰ দক্ষিণ শালমাৰা সমষ্টিৰ পদ্মেৰ আলগা গাওঁ পঞ্চায়তৰ কাতলামাৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত শতাধিক পৰিয়ালৰ ঘৰ বাৰী খেতি মাটি নদীত জাহ গৈছে।স্থানীয় সাংসদ,বিধায়কৰ নিৰ্লিপ্ত ভূমিকাত অতিষ্ঠ হৈ স্থানীয় ৰাইজে অলপতে বিধায়ক-সাংসদৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। আজি সেই একেই স্থানতে আজমলে আয়োজন কৰে এখন দোৱা প্ৰাৰ্থনা অনুষ্ঠান। এইবাৰ সাংসদ গৰাকীয়ে দোৱা প্ৰাৰ্থনাৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলায়। কিন্তু ইয়াৰ বাবে শাসকীয় বিজেপি চৰকাৰক দোষাৰোপ কৰি আজমলে সভাখনত হুকহুকাই কান্দি উঠে। দৰাচলতে,এনে আবেগৰ সৃষ্টি কৰি গঞা ৰাইজক আকৃষ্ট কৰাৰ প্ৰয়াস চলোৱা পৰিলক্ষিত হয়।সমান্তৰাল বাবে পূৰ্বৰ দৰেই অন্ধবিশ্বাসত বিশ্বাসী বদৰুদ্দিন আজমলে পানীৰ বটলত জৰা ফুকাৰ ৰাজনীতি অব্যাহত ৰাখে। উল্লেখ্য যে,সমাবেত হোৱা শ শ লোকক আজমলৰ দলে খিচিৰি খুৱাই মন জয়ৰ চেষ্টা চলোৱা পৰিলক্ষিত হয়।আজি চৰকাৰৰ বঞ্চনাৰ কথা ৰাজহুৱা কৰি দোৱা প্ৰাৰ্থনা অনুষ্ঠানত আজমলে খহনীয়া বন্ধৰ বাবে নেদেখা জনৰ ওচৰত দোৱা জনাই হুকহুকাই কান্দি উঠে আজমলে ৷ আজমলৰ চকু পানীৰ প্ৰতি ধুবুৰী লোকসভা সমষ্টিবাসী ৰাইজে পুনৰ ভোল যাব নে ? সেয়া ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলে প্ৰমাণিত কৰিব।