ধুবুৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্ৱাচনী প্ৰচাৰ

67

ধুবুৰীত অহা ৬ এপিলত অনুষ্টিত হবলগীয়া নিৰ্ৱাচনৰ দিন চমু চাপি অহাৰ লগে লগে মিএজোঁটৰ বিজেপিৰ হাই প্ৰফাইল নেতা সকলৰ নিৰ্ৱাচনী প্ৰচাৰ  অভিযান তুংগত কৰি তুলিছে ৷ আজি ২৩ নং ধুবুৰী বিধান সভা সমষ্টিৰ মিএজোঁটৰ বিজেপিৰ  প্ৰক্ষেপিত প্ৰাৰ্থী ড° দেৱময় স্যানালৰ হৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটী বিমান বন্দৰৰ পৰা পোনে-পোনে হেলিকপ্টাৰ যোগে ধুবুৰী ঝগৰাৰ পাৰৰ  বিজেপিৰ এখন নিৰ্ৱাচনী সভাত অংশ গ্ৰহন কৰে ৷

সভাখনত অসমৰ মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোনোৱাল উপস্থিত হৈ সমষ্টিটোৰ মিএজোঁটৰ বিজেপিৰ প্ৰাৰ্থী ড° দেৱময় স্যানালক সকলো সম্প্ৰদায়ৰ লোকে পদুম ফুলৰ ছৱিত বিপুল ভাৱে  ভোট প্ৰদান কৰিবলৈ  আহবান জনায় ৷ লগতে মহাজোঁটৰ কংগ্ৰেছ আৰু AIUDF দ’লক কঠোৰ সমালোচনা কৰি আগন্তক দিনত অসমত মিএজোঁটৰ চৰকাৰ হব বুলি গুৰুত্বপূৰ্ণ মন্তৱ্য দাঙি ধৰে ৷