ধিঙৰ উধানতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। ধিঙৰ পৰা লাংগিয়া অভিমূখে গৈ থকা এখন ট্ৰেক্টৰে নিয়ন্ত্ৰণ হেৰুৱাই মাথাউৰিৰ পৰা বাগৰি পৰে, দ-খাৱৈত। পথ দুৰ্ঘটনাত দ খাৱৈৰ পৰা ৰাইজে জীৱন্তে উদ্ধাৰ কৰে গুৰুত্বৰভাৱে আহত এজন লোকক।আহত হোৱা লোক জনক
সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ পেৰণ কৰে।লোকজনৰ নামৰ ৰাব্বুল ইছলাম বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
