ধিঙত উত্তাল প্ৰতিবাদ

74

নাবালিকাৰ ধৰ্ষণক কেন্দ্ৰ কৰি নগাঁৱৰ ধিঙত উত্তাল পৰিৱেশে বিৰাজ কৰিছে । দুৰ্বৃত্তৰ কামনাৰ বলি হোৱা দশম শ্ৰেণী ছাত্ৰীগৰাকী বৰ্তমান চিকিৎসাধীন নগাঁও মেডিকেল কলেজত । ইফালে ছাত্ৰ সন্থাৰ আহ্বানত পুৱাৰে পৰা বন্ধ হৈ পৰিছে ধিং । শ শ মহিলা ৰাজপথলৈ ওলাই আহিছে ধৰ্ষণৰ বিৰুদ্ধে ন্যায় বিচাৰি ৷কলকাতাৰ চিকিৎসক ধৰ্ষণকাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ সময়তে অসমৰ নগাঁৱতো সংঘটিত নাবালিকা ধৰ্ষণকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । নগাঁৱৰ ধিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে নগাঁৱৰ ধিং অঞ্চলত । বৃহস্পতিবাৰে সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত নাবালিকাগৰাকীক ৩ দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । নিশা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল নাবালিকা ছাত্ৰীগৰাকী ।সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নাবালিকা ছাত্ৰীগৰাকী সংকটমুক্ত বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে । ইফালে সমগ্ৰ ঘটনাৰ সৈতে জড়িত অপৰাধীৰ সন্ধানত ধিং তথা নগাঁও আৰক্ষীয়ে নিশাই আৰম্ভ কৰিছে অভিযান ।