ধন মোকলাই দিয়াৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়া

264

দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ দৰং জিলাৰ ধূলা গাঁও পঞ্চায়তৰ সচিব তথা সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়া।

উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীজন।

উল্লেখ্য যে, ঠিকাদাৰৰ পৰা বিলৰ ধন মুকলি কৰাৰ অজুহাতত অবৈধভাৱে ধন দাবী কৰিছিল সুজিত ঠাকুৰীয়াই।

বুধবাৰে সেই ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ঘোচখোৰ চৰকাৰী কৰ্মচাৰীজনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত টুইটাৰযোগে সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।