দ’ খাৱৈত পৰি ছাত্ৰৰ মৃত্যু

280

গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰ চাহবাগিচাত এক শোকাবহ ঘটনা সংঘটিত হয় ৷ বাগিছাখনৰ এটা প্ৰায় দহফুট দ খাৱৈত সাঁতোৰোতে তললৈ সোমাই ৰঙামাটি চেউনী কমাৰগাঁৱৰ ভাগ্যজ্যোতি শইকীয়া নামৰ এজন ছাত্ৰৰ মৃত্যু হয় ৷ তেওঁ সেই গাঁৱৰ অসীম শইকীয়া আৰু ৰীণা শইকীয়াৰ একমাত্ৰ সন্তান আছিল ৷ কিশোৰজন উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ আছিল৷ তেওঁতকৈ বয়সত কনিষ্ঠ পঙ্কজ শইকীয়া নামৰ ল’ৰাজনৰ লগত গৈ সাঁতুৰি আছিল ৷ পিছত তেওঁ পুখুৰীৰ পৰা উঠি নহাত পঙ্কজে ৰাইজক খবৰ দিয়ে৷ ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় ৰাইজে খাৱৈটোত বিচাৰি মৃতদেহ উদ্ধাৰ কৰে ৷ঘটনাস্থলীলৈ আৰক্ষী আহি খাৱৈৰপৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ছহিদ কুশল কোঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ এতিয়া ভাগ্যজ্যোতিৰ অকাল বিয়োগত পৰিয়ালটোত কান্দোনৰ ৰোল উঠাৰ লগতে অঞ্চলটোত গভীৰ শোক স্তব্ধ হৈ পৰিছে ৷