‘দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়’ -ফেচবুকত শিখা শৰ্মাৰ বিতৰ্কিত পোষ্ট

115

ছ’চিয়েল মিডিয়াত শিখা শৰ্মাৰ পোষ্টক লৈ পুনৰ বিতৰ্ক। এইবাৰ ছ’চিয়েল মিডিয়াত সংবাদ মাধ্যমৰ প্ৰতি আহ্বান লেখিকা শিখা শৰ্মাই। ৰাইজক আৱেগিক নকৰিবলৈ আহ্বান শিখাৰ।

ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত দুগৰাকীকৈ অসমীয়া জোৱানৰ প্ৰাণহানিৰ খবৰে এতিয়া শোকস্তব্ধ কৰি ৰাখিছে ৰাজ্যবাসীক। দুধনৈৰ বাবলু ৰাভা আৰু বৰপেটাৰ দিলীপ কুমাৰ দাস আছিল চিআৰপিএফৰ কোব্ৰা বেটেলিয়ানৰ জোৱান। আজি দুধনৈত অসংখ্য জনৰ উপস্থিতিত জ্বলিল বাবলু ৰাভাৰ চিতা। সকলোৰে চকুত চকুপানী!

কিন্তু দুধনৈত ৰাষ্ট্ৰীয় মৰ্যাদাৰে বাবলু ৰাভাৰ শেষকৃত্য সম্পন্ন হৈ থকাৰ সময়তে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শিখা শৰ্মাৰ। বিতৰ্কিত নাৰীগৰাকীয়ে পুনৰ এবাৰ বিতৰ্কৰ সূচনা কৰি এইবাৰ লিখিছে- দৰমহা লৈ চাকৰি কৰা মানুহ কৰ্তব্যত মৰিলে শ্বহীদ নহয়৷

উদাহৰণো দিছে শিখা শৰ্মাই। যদি দৰমহা লৈ কৰ্তব্যত মৰিলেই শ্বহীদ বুলি কোৱা হয়, তেন্তে বিদ্যুৎপুষ্ট হৈ মৰা বিদ্যুৎ কৰ্মচাৰীও শ্বহীদ৷ … লগে লগে সংবাদ মাধ্যমলৈ এটা আহ্বান- ৰাইজক আৱেগিক নকৰিব।

শিখা শৰ্মাৰ এই পোষ্টৰ পিছতে জুই জ্বলিছে ছ’চিয়েল মিডিয়াত। কোনোবাই সমৰ্থন কৰিছে, কোনোবাই আকৌ কমেন্টত গৈ দিছে গালি। মুঠতে শিখা শৰ্মা এতিয়া এগৰাকী বিতৰ্কিত নাৰী।

মাতৃভূমিৰ পৰা বহু দূৰৈত মাটিৰ শত্ৰু নক্সালৰ হাতত প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকল শ্বহীদ নহয়নো কি?