দৰমহাৰ টকাৰে পৰিয়াল নচলে, সেয়ে পদত্যাগৰ সিদ্ধান্ত এগৰাকী প্ৰধানমন্ত্ৰীৰ

68

ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি পৰিয়াল পোহপাল নিয়াব পৰা নাই ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে। প্ৰধানমন্ত্ৰী হিচাপে লাভ কৰা দৰমহাৰ ধনেৰে তেওঁ পৰিয়াল চলোৱাত অসুবিধা হোৱা বাবেই এতিয়া পদত্যাগ কৰাৰ ঘোষণা কৰিছে।

এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী বৰিছ জনছনে বৰ্তমান লাভ কৰা দৰমহা তেওঁৰ পূৰ্বৰ বৃত্তিৰ দৰমহাতকৈ বহুগুণে কম হোৱাৰ বাবে পদত্যাগৰ সিদ্ধান্ত লৈছে। খবৰ অনুসৰি, বৰিছ জনছনে প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পূৰ্বে বাতৰি কাকতৰ স্তম্ভ লেখক হিচাপে দায়িত্ব পালন কৰিছিল। সেই কাম কৰি তেওঁ মাহিলী ২৩ হাজাৰ পাউণ্ড আৰু বছৰি ২ লাখ ৭৫ হাজাৰ পাউণ্ড দৰমহা লাভ কৰিছিল। ইয়াৰোপৰিও মাহত দুটা ভাষণ দিয়াৰ বিনিময়ত তেওঁ লাভ কৰিছিল ১ লাখ ৬০ হাজাৰ পাউণ্ড।

কিন্তু টৰী পাৰ্টীৰ অধ্যক্ষ হৈ প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰাৰ পিছত তেওঁৰ দৰমহা হয় কেৱল ১৫০,৪০২ পাউণ্ড। যাৰ বাবে তেওঁ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগা হয়। বাতৰি অনুসৰি বৰিছ জনছনৰ আছে ৬টা সন্তান। তদুপৰি তেওঁ প্ৰাক্তন পত্নীকো প্ৰতি মাহে খৰছ দিব লাগে।