দৰং জিলাৰ লালপুল গাঁও পঞ্চায়তৰ লালপুলত পকী ফুট ব্ৰীজৰ শুভ উদ্বোধন কৰা হয় আজি৷ জানিব পৰা মতে, লালপুলৰ মাজেৰে পাৰ হৈ যোৱা নৈৰ ওপৰত ব্ৰিটিছৰ দীনত নিৰ্মাণ কৰা এখন সৰু ব্ৰীজ আছিল যদিও ব্ৰীজখন ভাঙি যোৱাত বহু বছৰ ধৰি স্থানীয় লোকসকলে যমৰ-যাতনা ভুগি আহিছে৷ যাৰ পৰিপ্ৰেক্ষিতত লালপুল গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ প্ৰচেষ্টাত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ১৫ লাখ ২১ হাজাৰ টকা ব্যয় সাপাক্ষে পুনৰ নিৰ্মাণ কৰা হয়৷
লালপুলৰ মাজেৰে পাৰ হৈ যোৱা নৈৰ ওপৰত ব্ৰীজ খন আজি শুভ উদ্বোধন কৰে দৰং জিলা পৰিষদৰ কাৰ্যকৰী অভিযন্তা ভৱেন বৰ্মনে৷ বৰ্মনে ফুট ব্ৰীজখন উদ্বোধন কৰি কয় যে, ইচ্ছা শক্তি থাকিলে কম টকাৰেও ৰাইজৰ উন্নয়ন কৰিব পৰা যায়৷ তাৰেই এক বাস্তৱ উদাহৰণ এইখন লালপুলৰ ফুট ব্ৰীজ৷