দৰঙত ২৩ কেজি গাঞ্জাসহ এজনক আটক

256

দৰং জিলাত সোমবাৰে জব্দ কৰা হয় ২৩ কেজি ওজনৰ বিশাল গাঞ্জা।

দলগাঁৱত গাঞ্জা জব্দ কৰাৰ ঘটনাত মেধিপাৰাৰ আমিৰুল ইছলাম নামৰ এজন ব্যৱসায়ীক আটক কৰা হৈছে।

সূত্ৰ অনুসৰি তেওঁ চাইকেলেৰে গাঞ্জাখিনি লৈ গৈ থকাৰ সময়তে দলগাঁও আৰক্ষীয়ে তেওঁক বাধা দিয়ে।

যোৱা মাহত গুৱাহাটীৰ কামাখ্যা জংচন ৰেলৱে ষ্টেচনত জব্দ হৈছিল ৪০ কেজি গাঞ্জা।

খাদ্যৰ তলত লুকুৱাই থোৱা দক্ষিণমুখী ব্ৰহ্মপুত্ৰ মেইলত খাদ্য প্ৰস্তুত কৰা বগীত উদ্ধাৰ কৰা হৈছে গাঞ্জাখিনি।