ফাৰুক আব্দুল্লা, মঙলদৈঃ আপোনাৰ নথিৰ অপ ব্যৱহাৰ কৰিব পাৰে কোনো দুষ্ট চক্ৰই। আপোনাৰ অজ্ঞাতে কোনোবা দুষ্ট চক্ৰই খুলিব পাৰে বেংক একাউণ্ট, আপোনাৰ অজ্ঞাতে আপোনাৰ নামত লব পাৰে লোন। এই কথা আমি এনেই কোৱা নাই, এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দৰঙৰ দলগাঁৱত। দলগাঁৱৰ এগৰাকী মহিলা ভিক্ষাৰীৰ নামত তেওঁৰ অজ্ঞাতে আৱন্টন হৈছে পাঁচ লাখ টকাৰ ঋণ।
বিভিন্ন সময়ত খাৰুপেটীয়া কানাড়া বেংকৰ বিৰুদ্ধে দালাল নোহোৱাকৈ লোন নোহোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল যদিও শেহতীয়াকৈ দলগাঁৱৰ এগৰাকী মহিলা ভিক্ষাৰীৰ নামত তেওঁৰ অজানিতে আৱন্টন হোৱা লোন আৰু মহিলালৈ প্ৰেৰণ কৰা কিস্তি পৰিশোধৰ পত্ৰই বেংকটোৰ দালালৰাজক নগ্নভাবে উদঙাই দিছে।
উল্লেখ্য যে, দলগাঁৱৰ কোনাকাটাপাৰাৰ নিৱাসী আকলিমা খাতুন পেছাত ভিক্ষাৰী। উক্ত গাঁওখনৰেই হাছিনা নামৰ এগৰাকী দালাল প্ৰবৃত্তিৰ মহিলাই কৌশলেৰে নথি জালিয়াতি কৰি খাৰুপেটীয়া কানাড়া বেংকৰ পৰা পাঁচ লাখ টকাৰ ঋণ লৈছে। সময় বাগৰিছে যদিও মহিলা গৰাকীয়ে ঋণৰ কিস্তি পৰিশোধ নকৰাত ইটোৰ পিছত সিটো জাননী ভিক্ষাৰীলৈ। ইফালে, বেংকৰ পৰা এনে জাননী পাই মূৰত সৰগ ভাগি পৰা মহিলাগৰাকীয়ে অৱশেষত আৰক্ষীৰ ওচৰত ন্যায় বিচাৰি উপস্থিত হয়।
মনকৰিবলগীয়া যে, সাধাৰণ গ্ৰাহকে বছৰৰ পিছত বছৰ কাকুতি মিনতি কৰিও ঋণ নাপায়। তেনেক্ষেত্ৰত কোনো পৰীক্ষা নিৰীক্ষা নকৰাকৈ ভিক্ষাৰীৰ নামত কেনেকৈ তেওঁৰ অজ্ঞাতে মঞ্জুৰি দিছে ৫ লাখ টকাৰ ঋণ৷ তাক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।