দৰং জিলাৰ আৰক্ষীয়ে শনিবাৰে নিশা এক অভিযান চলাই জিলাখনৰ ধূলা থানাৰ অন্তৰ্গত বাগৰমাৰী চৰত দেশীয় আগ্নেয়াস্ত্ৰ নিৰ্মাণৰ সৈতে জড়িত এটা দুস্কৃতিকাৰী চক্ৰ উৎখাত কৰে। অভিযানকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা দেশীয় আগ্নেয়াস্ত্ৰৰ পাঁচটা আৰ্হি আৰু ন জোৰ সেনা আৰু আৰক্ষীৰ পোছাক সহ বহু আপত্তিজনক বয়-বস্তু জব্দ কৰে।
সূত্ৰই প্ৰকাশ কৰা মতে, জিলাখনৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত গোপন তথ্যৰ ভিত্তিত সদৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত ধুলা আৰক্ষীয়ে বাগৰমাৰী চৰৰ মইন আলীৰ ঘৰ আৰু চৌহদত তালাচী চলাই বিভিন্ন অপৰাধ জনিত কাৰ্যত ব্যৱহৃদ সামগ্ৰী সমূহ জব্দ কৰে।
আৰক্ষীয়ে অভিযানত ধূলা ধনশ্ৰীকাষৰ হাৰুনুল ৰছিদ আৰু মঙলদৈ বান্দিয়াৰ চাহাৰ আলী নামৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে যদিও ঘৰখনৰ গৰাকী মইন আলী পলাবলৈ সক্ষম হয়। আৰক্ষীয়ে এই সন্দৰ্ভত ধূলা থানাত গোচৰ ৰুজু কৰি পলাতক মইন আলীকে ধৰি দুষ্কৃতিকাৰী চক্ৰটোৰ আন সদস্য সকলৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে।
উল্লেখ্য যে, বিগত প্ৰায় চাৰিটা দিনত দৰং আৰক্ষীয়ে নিষিদ্ধ হেৰইন আৰু ব্ৰাউন চুগাৰ সহ দুজন ড্ৰাগছ সৰবৰাহকাৰী, দেশীয় পিষ্টল, গুলী আৰু চুৰি আ-অলংকাৰ সহ তিনি দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
