দৰং মহাবিদ্যালয়ৰ ছাত্ৰীক অপহৰণ, ফোন কৰি মুক্তিপন দাবী অপহৰণকাৰীৰ

77

দিন দুপৰতে দৰং মহাবিদ্যালয়ৰ ছাত্ৰীক অপহৰণ।দুদিন ধৰি সন্ধান নাই একাদশ বাণিজ্য শাখাৰ ছাত্ৰী পৰীস্মিতা দেৱীৰ৷ পৰিয়ালৰ দাবী, ছাত্ৰীগৰাকীক কোনোবাই অপহৰণ কৰিছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ একমান বজাত মাতৃ মৃদুলা দেৱীৰ লগত শেষবাৰৰ বাবে কথা হৈছিল পৰীস্মিতাৰ৷ ক্লাছ শেষ কৰি ঘৰলৈ যোৱাৰ কথা উল্লেখ কৰিছিল ফোনত৷

কিন্তু ডেৰমান বজাত পৰীস্মিতাৰ ৬০০১৬৯৯৩২৮ৰ পৰা এজন যুৱকে পৰীস্মিতাক অপহৰণ কৰাৰ কথা উল্লেখ কৰে আৰু ফোনযোগে মুক্তিপণ দাবী কৰে পাঁচ লাখ টকা৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে মাতৃ মৃদুলা দেৱীয়ে তেজপুৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ৷

নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ ঘৰ তেজপুৰৰ হজৰাপাৰ শংকৰ নগৰত৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।