দৰং আৰক্ষীৰ ব্যাপক সফলতা।৫ জনকৈ হেকাৰক আটক কৰিবলৈ সক্ষম আৰক্ষী।ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ পাছবুক একাউণ্ট হেক কৰি ধন নিজৰ একাউন্টত সুমাইছিল।বিভিন্ন কায়দাৰে বিশেষ ছফ্টৱেৰ ব্যৱহাৰ কৰি আনৰ পাঁচবুক একাউণ্ট হেক কৰি ধন লুটি অহা ৫ জনকৈ হেকাৰক দৰং আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
লালমাটি গুৱাহাটী চাকিব চৌধুৰী, শিৱসাগৰ আমগুৰিৰ বিক্ৰম নেওগ, ছিপাঝাৰৰ প্ৰাণজিত চহৰীয়া , মঙলদৈৰ গুড্ডু আলি আৰু তমচেৰ আলিক মঙলদৈৰে এখন হোটেলৰ পৰা আটক কৰিবলৈ সক্ষম হয়।
এইকেইজনে কেইবাদিনৰ পৰা বহু লোকৰ বেংক একাউণ্ট হেক কৰি উক্ত একাউণ্ট সমূহৰ পৰা বিশেষ ছফ্টৱেৰৰ জৰিয়তে ধন সমূহ নিজৰ একাউন্টলৈ আনি বেংক গ্ৰাহক সকলক লুটি আহিছিল।
অৱশেষত এই ৫ জনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
অৱশ্যে হেকাৰৰ গেংটোত এই ৫ জনৰ উপৰিও আৰু বহু লোক জড়িত হৈ আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
লগতে সেইসকলৰ অনুসন্ধান অব্যাহত ৰাখিছে।
ইতিমধ্যে আটক হোৱা ৫ জনকে মঙলদৈ জেল হাজোটলৈ প্ৰেৰণ কৰিছে।
