দ্বিতীয়বাৰৰ বাবে কোৰোনাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

111

কোৰোনাত আক্ৰান্ত হৈছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। জানিব পৰা মতে, মঙ্গলবাৰে তেওঁৰ আৰটি পিচিআৰ পৰীক্ষাত কোভিড পজিটিভ ধৰা পৰে।

উল্লেখ্য যে, এইবাৰৰ সৈতে দ্বিতীয়বাৰৰ বাবে কোৰোনাত আক্ৰান্ত হৈছে প্ৰফুল্ল মহন্ত। ইয়াৰ পূৰ্বে ২০২০ চনৰ ২৫ আগষ্টত তেওঁক কোভিড-১৯ চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

পিছত, স্বাস্থ্যৰ অৱনতিৰ বাবে তেওঁক এয়াৰ এম্বুলেন্সত এইমছলৈ স্থানান্তৰ কৰা হয়।

মহন্ত সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) সভাপতি আছিল। ১৯৮৫ চনত আঞ্চলিক দল অসম গণ পৰিষদ আছুৰ পৰা ওলাই আহে আৰু মহন্ত ইয়াৰ সভাপতি হয়।

১৯৮৫ আৰু ১৯৯৬ চনত তেওঁ দুবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব নিৰ্বাহ কৰে।