দেৱালীৰ বোনাচ! আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

81

গুৱাহাটীঃ ইন্ধন আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যই হাহাকাৰ লগাইছে সাধাৰণ জনতাৰ মাজত। কোভিডে কোঙা কৰা জনতাৰ ওপৰত ইটোৰ পিছত সিটো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে। কিন্তু ইমানতে ক্ষান্ত নহয় চৰকাৰ। দিপাৱলীৰ বোনাচ হিচাপে আকৌ বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য!

১৭৩৫.৫ টকাৰ হাৰৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ২০০০.৩ টকালৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য একেই আছে। বাণিজ্যিক ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্যত বৃদ্ধি কৰাৰ পিছত মুম্বাইত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য এতিয়া ১৯৫০ টকা হ’ব। কলকাতা আৰু চেন্নাইত বাণিজ্যিক তৰলীকৃত পেট্ৰ’লিয়াম গেছ চিলিণ্ডাৰ ক্ৰমান্বয়ে ২০৭৩.৫০ টকা আৰু ২১৩৩ টকাত উপলব্ধ হ’ব।

উল্লেখ্য যে, অক্টোবৰত এলপিজিৰ মূল্যত ১৫ টকা বৃদ্ধি কৰা হৈছিল, যাৰ ফলত দুমাহৰ ভিতৰত মূল্য চতুৰ্থবাৰ বৃদ্ধি পাইছে। ৰাজ সাহায্যবিহীন এলপিজি চিলিণ্ডাৰৰ মূল্যও যোৱা মাহত ২৫ টকা বৃদ্ধি কৰা হৈছিল।

নতুন দিল্লীত, এলপিজি চিলিণ্ডাৰৰ মূল্য বৰ্তমান ৮৯৯.৫০ টকা। কলকাতা আৰু চেন্নাইত এলপিজিৰ মূল্য ক্ৰমান্বয়ে ৯২৬ টকা আৰু ৯১৫ টকা।

শেহতীয়াকৈ ৰাজ সাহায্যপ্ৰাপ্ত তৰলীকৃত পেট্ৰ’লিয়াম গেছৰ মূল্য বৃদ্ধিৰ ফলত ১ জানুৱাৰী ২০২১ ৰ পৰা চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ২০৫ টকাকৈ বৃদ্ধি কৰা হৈছে।