গুৱাহাটীঃ দিপাৱলীৰ পূৰ্বে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এক নিৰ্দেশ প্ৰদান কৰি কয় যে দেৱালীকে ধৰি আগন্তুক উৎসৱৰ বাবে কেৱল সেউজীয়া ফটকাহে ব্যৱহাৰ কৰিব পাৰিব।
উল্লেখ্য যে, পৰম্পৰাগত ফটকাৰ তুলনাত সেউজীয়া ফটকাৰ নিৰ্গমনৰ হাৰ কম আৰু পৰিৱেশৰ বাবে কম ক্ষতিকাৰক হোৱাৰ পৰিপ্ৰেক্ষিততে দেৱালীৰ সময়ত সেউজ ফটকা ব্যৱহাৰৰ নিৰ্দেশ জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে।
প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে (পিচিবি) নিৰ্দেশনা প্ৰকাশ কৰি পৰৱৰ্তী জাননী নোপোৱালৈকে যিকোনো পৰম্পৰাগত আতচবাজী বিক্ৰী আৰু ফুটোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। পিচিবিয়ে সৰ্বাধিক ২ ঘণ্টাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছে। সেই অনুসৰি দেৱালীত নিশা ৮ বজাৰ পৰা নিশা ১০ বজালৈহে আতচবাজী জ্বলাব পাৰিব। লগতে ৰাজ্যখনত কেৱল সেউজীয়া ক্ৰেকাৰ বিক্ৰী আৰু ক্ৰয় কৰাৰ অনুমতি দিয়া হৈছে। ইফালে, পুৱা ৬ বজাৰ পৰা পুৱা ৮ বজালৈ আৰু খ্ৰীষ্টমাছৰ প্ৰাকমুহূৰ্তত নিশা ১১:৫৫ বজাৰ পৰা ১২:৩০ বজালৈ, ছট পূজাৰ বাবে ফটকা ৰখাৰ অনুমতি দিয়া হৈছে।
আনহাতে সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকলৰ পৰা ওপৰোক্ত উৎসৱৰ বাহিৰে আন যিকোনো সময়ত কোনো ধৰণৰ ফটকা ব্যৱহাৰ কৰিবলৈ অনুমতি গ্ৰহণ কৰিব লাগিব বুলিও প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে স্পষ্ট কৰি দিয়ে।
সেয়েহে আগন্তুক উৎসৱৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ দ্বাৰা নিৰ্দেশনাঅনুসৰি লোৱা হৈছে যে পৰম্পৰাগত ফটকা ফাটিলে অপৰিসীম ক্ষতিকাৰক বিষাক্ত ৰাসায়নিক পদাৰ্থ উৎপন্ন হয় যিপৰিৱেশলৈ মুকলি কৰা হয় যাৰ ফলত পৰিৱেশৰ গুৰুতৰ সমস্যা হয়।
বিশ্বৰ কেইখনমান আটাইতকৈ প্ৰদূষিত চহৰ থকা ভাৰতত উৎসৱৰ পৰা অতিৰিক্ত প্ৰদূষণ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি, বিশ্ব স্বাস্থ্য সংস্থাই প্ৰস্তুত কৰা শেহতীয়া নিৰ্দেশনাৰ তুলনাত বায়ুত ১২ গুণ শিথিলতা আছে।
