দেৱব্ৰত শইকীয়াক পুনৰ এবাৰ বিৰোধী দলপতি হিচাপে নিযুক্তি APCCৰ

78

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াক পুনৰ এবাৰ অসম বিধানসভাৰ বিৰোধী দলপতি হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই সদৰী কৰে এই কথা। ইফালে ৰকিবুল হুছেইনক বিৰোধী দলৰ উপ দলপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।

এইবাৰ কংগ্ৰেছ বিধায়িনী দলৰ মুখ্য সচেতক ৰূপে নিযুক্তি দিয়া হৈছে ৱাজেদ আলী চৌধুৰীক। ইফালে, কংগ্ৰেছ বিধায়িনী দলৰ উপ মুখ্য সচেতক হিচাপে থাকিব কমলাক্ষ দে’ পুৰকায়স্থ। মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক কংগ্ৰেছ বিধায়িনী দলৰ সচিব হিচাপে দায়িত্বভাৰ প্ৰদান কৰা হৈছে। সেইদৰে কংগ্ৰেছ বিধায়িনী দলৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছে সুশান্ত বৰগোঁহাইক। ৰেকিবুদ্দিন আহমেদক কংগ্ৰেছ বিধায়িনী দলৰ কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।