দেৰগাঁৱত চিকিৎসক মৃদুল কুমাৰ বৰঠাকুৰক বিদায় সম্বৰ্ধনা

264

দেৰগাঁৱৰ নাৰিকলগুৰিস্থিত সাহায্য প্ৰাপ্ত স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত সদ্য অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ মৃদুল কুমাৰ বৰঠাকুৰক ৰাজহুৱাভাবে বিদায় সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে ভোলা হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপাংকৰ হাজৰিকা, চিকিৎসক ডাঃ পাৰ্বনা বৰুৱা, ডাঃ ৰফিকুল ইছলাম, সামূহিক চিকিৎসালয়ৰ উপ অধীক্ষক চিৰঞ্জীবলোচন গগৈ,কৰুণাকান্ত ৰাজবংশী, প্ৰদীপ বৰা আদি বহুকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিদায়ী চিকিৎসকজনৰ কৰ্মনিষ্ঠা, সময়নোবৰ্তিতা আৰু জনপ্ৰিয়তাৰ বিভিন্ন দিশ উল্লেখ কৰি বক্তব্য ৰাখে। ফাৰ্মাচিষ্ট ৰুবুল গগৈ আৰু উৎপল বৰাই আঁত ধৰা আৰু গিৰীশ গোস্বামীয়ে উদ্দেশ্য বাখ্যা কৰা সভাত বিদায়ী চিকিৎসক তথা স্বাস্থ্য বিষয়াজনক স্বাস্থ্য কেন্দ্ৰৰ সমূহ চিকিৎসক কৰ্মচাৰী, আশা কৰ্মী, পৰিচালনা সমিতি, ত্ৰিশখন বিচনাযুক্ত সামূহিক চিকিৎসালয়, মিছামৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদিৰ হৈ গামোচা, চেলেং, গ্ৰন্থ, সফুৰা আৰু সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়। ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰা ডাঃ বৰঠাকুৰে ভাষণ প্ৰসংগত কৰ্মময় জীৱনৰ বিভিন্ন স্মৃতি উল্লেখ কৰাৰ লগতে ব্যতিক্ৰমী ভাৱে এই বিদায় অনুষ্ঠানত উপস্থিত স্বাস্থ্য কেন্দ্ৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি আশা কৰ্মীসকলকো একোখনকৈ গামোচা পিন্ধাই সন্মাই জনোৱাৰ লগতে কৰ্মজীৱনত লগ পোৱা সহকৰ্মীসকলৰ সহযোগিতাক কৃতজ্ঞতা জ্ঞাপন কৰে।