দেশৰ ৮৮.১২ কোটি লোকে ব্যৱহাৰ কৰি আছে ইণ্টাৰনেট সেৱা

456

সংসদৰ শীতকালীন অধিৱেশন বৰ্তমান চলি আছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত বহু বিষয়ৰ ওপৰত আলোচনা হৈছে। দেশত ইণ্টাৰনেটৰ সংযোগ সন্দৰ্ভত সদনত উত্থাপিত এক প্ৰশ্নৰ লিখিত উত্তৰত ৰে’ল, যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লোকসভাক জনায় যে ২০১৪ চনৰ মাৰ্চ মাহত দেশত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ২৫.১৫ কোটি। ২০২৩ চনৰ মাৰ্চ মাহলৈ ইয়াৰ সংখ্যা ৮৮.১২ কোটিলৈ বৃদ্ধি পাইছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহলৈকে দেশৰ ৬,৪৪,১৩১ খন গাওঁৰ ভিতৰত প্ৰায় ৬,১৬,৩০০ খন গাঁৱত মোবাইল ইণ্টাৰনেট সংযোগ আছিল, যাৰ ভিতৰত ৰাজস্থানৰ ৪২,৭৩৩ খন গাওঁ আছিল।