দেশৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হোৱাৰ পথ প্ৰশস্ত হৈছে ন্যায়াধীশ এন বি ৰমাণাৰ

63

দেশৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হোৱাৰ পথ প্ৰশস্ত হৈছে ন্যায়াধীশ এন বি ৰমাণাৰ। দেশৰ পৰৱৰ্তী বাচনিৰ বাবে ন্যায়াধী ৰমাণাৰ নাম কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেয়ে। উল্লেখ্য যে, অহা ২৩ এপ্ৰিলত অৱসৰগ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ বোবডেয়ে। তাৰ পিছত ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ৰমাণাৰ কাৰ্যকাল হব এক বছৰ চাৰি মাহ।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাৰ্যকাল আৰম্ভ কৰাৰ পূৰ্বে ২০০০ চনত অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনত তেওঁ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰাৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ন্যায়াধীশ এন বি ৰমণাই। উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰাৰ পিছত জম্মু-কাশ্মীৰত ইণ্টাৰনেট সেৱা পুনৰ স্থাপন কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান কৰা বিচাৰপীঠৰ অংশ হৈছে ন্যায়াধীশ ৰমাণা।

আনহাতে বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেয়ে ন্যায়াধীশ ৰমাণাৰ নাম পৰৱৰ্তী মুখ্য ন্যায়াধীশ বাচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ পূৰ্বে ন্যায়াধীশ ৰমাণাৰ বিৰুদ্ধে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগমোহনে উত্থাপন কৰা অভিযোগ খাৰিজ কৰে। তাৰ পিছতে দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ হোৱাৰ পথ মুকলি হৈ পৰে ন্যায়াধীশ এন বি ৰমাণাৰ।