দেশৰ হিন্দুসকলক ধ্বংস কৰিব বিচাৰিছে কংগ্ৰেছেঃ ছত্তীশগড়ত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

145

ছত্তীশগড় ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিহাৰৰ জাতিগত গণনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যখনৰ কংগ্ৰেছ-আৰজেডি-জেডিইউৰ চৰকাৰক সমালোচনা প্ৰধানমন্ত্ৰীৰ।

বষ্টাৰত এক জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, জাতি জনগণনাত মনমোহন সিঙে কৈছিল যে দেশৰ সম্পদৰ ওপৰত সংখ্যালঘুৰ প্ৰথম অধিকাৰ আছে। এতিয়া কংগ্ৰেছেও মুছলমানসকলক অগ্ৰাধিকাৰ প্ৰদান কৰি অন্য সংখ্যালঘুক প্ৰতাৰণা কৰিব বিচাৰিছে।

মোদীয়ে লগতে কয় যে কংগ্ৰেছে কৈছে যে যদি মানুহে নিজৰ সংখ্যা অনুযায়ী নিজৰ অধিকাৰ পায় তেন্তে এতিয়া দেশৰ হিন্দুসকলেও সেই একে অনুপাতে নিজৰ অধিকাৰ ল’বনে? মোৰ বাবে দেশৰ সম্পদৰ ওপৰত দেশৰ হিন্দুসকলৰ প্ৰথম অধিকাৰ আছে। কংগ্ৰেছে দেশৰ হিন্দুসকলক বিভাজিত কৰিবলৈ কাম কৰি আছে যাতে তেওঁলোকক ধ্বংস কৰিব পৰা যায়।