সংসদৰ কেন্দ্ৰীয় হলত আজি অনুষ্ঠিত হয় কংগ্ৰেছ সংসদীয় দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত। দলটোৰ ৰাজ্যসভা আৰু লোকসভাৰ সকলো সাংসদ উপস্থিত থকা বৈঠকত কৃষক আন্দোলনত শ্বহীদ হোৱা ৭০০ কৃষকক স্মৰণ কৰি আবেগিক হৈ পৰে দলৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধী।
বৈঠকত ছোনিয়া গান্ধীয়ে মোডী চৰকাৰৰ তীক্ষ্ণ সমালোচনা কৰাও পৰিলক্ষিত হয়। তেওঁ কয় যে কৃষক আন্দোলনৰ সময়ত প্ৰাণ দিয়া ৭০০ কৃষকক সকলোৱে সন্মান প্ৰদান কৰা উচিত। মোডী চৰকাৰ কৃষক আৰু সাধাৰণ মানুহৰ প্ৰতি অসংবেদনশীল। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সৈতে, প্ৰতিটো পৰিয়ালৰ মাহিলী বাজেট বৃদ্ধি হৈ আছে। বৈঠকত ছোনিয়া গান্ধীয়ে লগতে কয় যে আমি সীমান্ত সমস্যা সন্দৰ্ভত সংসদত সম্পূৰ্ণ আলোচনাৰ দাবী জনাইছো। ১২ জন সাংসদক নিলম্বন কৰাৰ সন্দৰ্ভত গান্ধীয়ে কয় যে এয়া গ্ৰহণযোগ্য নহয়। আমি নিলম্বিত সাংসদসকলৰ সৈতে থিয় দিছো।
ইফালে ৰাহুল গান্ধীয়ে এটা টুইটত মোদী চৰকাৰক সমালোচনা কৰি লিখে, “মুদ্ৰাস্ফীতি, নিবনুৱা, কৃষি সংকট, চীনৰ দখল এই সকলোৰে মূল কাৰণ হৈছে মোদীৰ অহংকাৰ, বন্ধুপ্ৰীতি আৰু চৰকাৰৰ বিফলতাৰ। অন্যায়ৰ বিৰুদ্ধে মাত মাতি অহাৰ সমান্তৰালভাৱে আমি কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ জনসাধাৰণৰ সমস্যাবোৰ সমাধান কৰি আছো, জনসাধাৰণৰ মনৰ কথা শুনিছো।”
