দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্তি প্ৰদান ন্যায়াধীশ এন ভি ৰমাণাক

90

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্তি প্ৰদান ন্যায়াধীশ এন ভি ৰমাণাক। ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে এন ভি ৰমাণাক। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে আজি নিযুক্তি প্ৰদান কৰা ন্যায়াধীশ এন ভি ৰমাণাক।

অহা ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেয়ে। তাৰ পিছতে ২৪ এপ্ৰিলত দেশৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ এন ভি ৰমানাই। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল এন ভি ৰমানা। অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ একটিং জাডজ ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ন্যায়াধীশ ৰমানাই। দেশৰ মুখ্য ন্যায়াধীশৰূপে তেওঁৰ কাৰ্যকাল হব ডেৰ বছৰ।