দেশৰ পৰৱৰ্তী উপ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত জগদীপ ধনখড়

100

দেশৰ নতুন উপ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ’ল NDA প্ৰাৰ্থী জগদীপ ধনখড়।

শনিবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰিলে জগদীৰ ধনখড়ে।

জানিব পৰা অনুসৰি জগদীপ ধনখড়ে ৫২৮টা আৰু বিৰোধীৰ প্ৰাৰ্থী মাৰ্গাৰেট আলভাই ১৮২টা ভোট লাভ কৰে।

আনহাতে ১৫টা ভোট অবৈধ বুলি বিবেচিত হৈছে।

শনিবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ সন্ধিয়া ৫ বজালৈকে চলিছিল।

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৭২৫ জন সাংসদে ভোটদান কৰে।

শনিবাৰে হোৱা ভোটদানত প্ৰায় ৯৩ শতাংশ সাংসদে ভোটদান কৰাৰ বিপৰীতে ৫৫ জন সাংসদে ভোটদান কৰা নাছিল।

১১ আগষ্টত শপত গ্ৰহণ কৰিব নব-নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।