দেশত হ্ৰাস পাইছে সংক্ৰমণ, কিন্তু অব্যাহত আছে আতংক

124

দেশত সামান্য হ্ৰাস পাইছে কোৰোনা সংক্ৰমণৰ হাৰ। শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৩১,৩৮২ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে ৩২,৫৪২ জন লোক সুস্থ হৈ উঠিছে। ইফালে বিগত এটা দিনত কোভিডত মৃত্যু ঘটিছে ৩১৮ জনৰ।

চিকিৎসা বিশেষজ্ঞ সকলৰ মতে কোভিডৰ দ্বিতীয় ঢৌ বৰ্তমান শেষ পৰ্যায়ত উপনীত হৈছে। দৈনিক কোভিড সংক্ৰমণ হ্ৰাস পোৱালৈ চাই তৃতীয় ঢৌ বেছি ভয়াবহ নহয় বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে।

ইফালে, শেহতীয়া চেৰো জৰীপ অনুসৰি, ভাৰতৰ দুই-তৃতীয়াংশ নাগৰিকে এণ্টিবডী বিকশিত কৰিছে। আৰু সেইকাৰণে তৃতীয় ঢৌত ভুক্তভোগীৰ সংখ্যা কম হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। কিন্তু দুৰ্গা পূজা আৰু লক্ষ্মী পূজা উদযাপনৰ ফলত সংক্ৰমণ বৃদ্ধি পাব পাৰে বুলিও আশংকা নথকা নহয়। চিকিৎসকসকলে শিশুসকলক অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। সকলো কোভিড নিয়ম অনুসৰণ কৰা, উৎসৱৰ বতৰত ভিৰ নকৰা বা বাৰে বাৰে হাত ভৰি ধোৱাৰ অভ্যাস তৈয়াৰ কৰাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে বিশেষজ্ঞসকলে।