দেশত হ্ৰাস পাইছে কোভিড সংক্ৰমণ

85

সমাগত দুৰ্গা পূজা। পূজাৰ আনন্দত সমগ্ৰ দেশ ব্যস্ত হৈ পৰিছে। এনে সময়ত সকাহ প্ৰদান কৰিছে দেশৰ দৈনিক কোভিড সংক্ৰমনেও। যোৱা ২৪ ঘণ্টাত দেশত ২১,২৫৭ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। ইফালে, এই মুহূৰ্তত দেশত সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা হৈছে ২,৪০,২২১ জন। এই সময়ত, ভাৰতত ২৭১ জন লোকে প্ৰাণ হেৰুৱাইছে। এই মুহূৰ্তত দেশত কোভিড সুস্থতাৰ হাৰ ৯৭.৯৬ শতাংশ। ২০২০ চনৰ মাৰ্চ মাহত কোভিড আৰম্ভ হোৱাৰ পিছত সুস্থতাৰ হাৰৰ সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে।

দেশত কোৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ টিকাকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এতিয়ালৈকে, ৯৩১,৭১,৭১,৯১ জন লোকে কোভিড ভেকছিন গ্ৰহণ কৰিছে।