দেশত হ্ৰাস পাইছে কোভিড সংক্ৰমণ…

75

দেশত বিগত সময়তকৈ কোভিড সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে যদিও কোৰোনাক লৈ উদ্বেগ অব্যাহত আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি মঙ্গলবাৰৰ দিনটোত দেশত ২৬,৯৬৪জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত কোভিডৰ ফলত প্ৰাণ হেৰুৱায় ৩৮৩ জনে।

ইফালে বিগত এটা দিনত ভাৰতত কোভিডক পৰাজিত কৰি সুস্থ হৈ উঠে ৩৪,১৬৭ জনে। তাৰ বিপৰীতে বৰ্তমানো চিকিৎসা চলি থকা ৰোগীৰ সংখ্যা হৈছে ৩,০১,৯৮৯ জন।

এতিয়ালৈকে দেশত সৰ্বমুঠ ৩,২৭,৮৩,৭৪১জন লোক সুস্থ হৈ উঠিছে। আনহাতে মৃত্যু হৈছে ৪,৪৫,৭৬৮জন লোকৰ। এতিয়ালৈ দেশত মুঠ ৩৩,০৮৫,৭৩০জন লোক আক্ৰান্ত হৈছে। ইফালে, আইচিএমআৰৰ তথ্য অনুসৰি মঙলবাৰে দেশত ১৫,৯২,৩৯৫জন লোকৰ টেষ্ট কৰা হয়। এতিয়ালৈকে মুঠ ৫৫,৬৭,৫৪,২৮২টা পৰীক্ষা কৰা হৈছে দেশত।