দেশত হ্ৰাস পাইছে কোভিড সংক্ৰমণ

96

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ৪ মাহৰ ভিতৰত কোৰোনাত সৰ্বনিম্ন আক্ৰান্ত হৈছে সোমবাৰৰ দিনটোত। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যানুসৰি, সোমবাৰে ভাৰতত ২৯,৬৮৯জন কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে এই সময়ছোৱাত কোভিডৰ ফলত মৃত্যু ঘটে ৪১৫ জনৰ।

স্বাস্থ্য মন্ত্ৰণালৰ মতে, দেশত বৰ্তমান মুঠ ৩,৯৮,১০০ সক্ৰিয় ঘটনা আছে। আনহাতে, এতিয়ালৈ ৩,০৬,২১,৪৬৯ লোক কোৰোনাক পৰাস্ত কৰি সুস্থ হৈ উঠিছে। ৪,২১,৩৮২জন লোকৰ মৃত্যু হৈছে। দেশত এতিয়ালৈ কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৩১,৪৪০,৯৫১জন লোক।