দেশত হ্ৰাস পাইছে কোভিড সংক্ৰমণ আৰু মৃত্যুৰ হাৰ

68

দেশত ক্ৰমাৎ সুস্থিৰ হৈছে কোভিড পৰিস্থিতি। ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ হাৰ। স্বাস্থ্য বিভাগে সদৰী কৰা তথ্যানুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৩৭,৫৬৬ জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে এই সময়ছোৱাত দেশত মৃত্যু ঘটিছে ৯০৭ গৰাকী ৰোগীৰ। ইফালে যোৱা এটা দিনত দেশত ৫৬,৯৯৪ জন কোভিড ৰোগী সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতিছে। স্বাস্থ্য বিভাগৰ মতে, বিগত এটা দিনত ভাৰতত সক্ৰিয় কোভিড ৰোগীৰ হাৰ ২০,৩৩৫ জনলৈ হ্ৰাস পাইছে।

উল্লেখ্য যে, ভাৰতত বৰ্তমানলৈকে ৩২,৮৫ কোটি লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে। ইফালে দুই এখন ৰাজ্যৰ বাদে বাকী প্ৰায় সকলো ৰাজ্যতে কোভিড সংক্ৰমণৰ হাৰ পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। যাৰ বাবে ইতিমধ্যে তামিলনাডু, কেৰালাকে ধৰি কোভিড সংক্ৰমণৰ শীৰ্ষত থকা ৰাজ্য সমূহেও জাৰি কৰা লকডাউন ক্ৰমাগতভাৱে শিথিল কৰা পৰিলক্ষিত হৈছে। অৱশ্যে কোভিডৰ তৃতীয় সংক্ৰমণক লৈ এতিয়া আতংক বিৰাজমান।