দেশত হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ, বাঢ়িছে মৃতকৰ সংখ্যা

90

দেশত কোভিড মহামাৰীয়ে আতংকৰ সৃষ্টি কৰি ৰাখিছে। তাৰ মাজতে এটা ভাল খবৰ এয়ে যে বিগত ২৪ ঘণ্টাত দেশত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য অনুসৰি, সোমবাৰৰ দিনটোত দেশত ২,৬৩,৫৩৩গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। এই সংখ্যা বিগত এটা সপ্তাহৰ ভিতৰত সৰ্বনিম্ন।

ইফালে সংক্ৰমণৰ হাৰ হ্ৰাস পালেও হ্ৰাস পোৱা নাই কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটা ৰোগীৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ভাৰতত পুনৰ ৪,৩২৯ জন কোভিড ৰোগীৰ মৃত্যু ঘটিছে।