দেশত ভয়াবহ কোভিড সংক্ৰমণ, ২৪ ঘণ্টাত ৩ লক্ষাধিক আক্ৰান্ত, ৭০৩ জনৰ মৃত্য

95

ডিজিটেল ডেস্কঃ দেশত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড সংক্ৰমণ। প্ৰতিদিনে বৃদ্ধি পোৱা সংক্ৰমণৰ সংখ্যাই আতংকৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশখনত ৩ লাখ ৪৭ হাজাৰ ২৫৪ জন নতুনকৈ কোৰোনাত আক্ৰান্ত হয়।

উল্লেখ্য যে, বৃহস্পতিবাৰে দেশত কোভিড আক্ৰান্ত হৈছিল ২ লাখ ২৩ হাজাৰ ৯৯০ জন। অৰ্থাৎ, সংক্ৰমিত লোকৰ সংখ্যা এদিনত ২৯,৭৭২ জন বৃদ্ধি হৈছে। বৰ্তমান দেশত সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা হৈছে ২০,১৮,৮২৫ জন। এই মুহূৰ্তত ইতিবাচকতাৰ হাৰ ১৭.৯৪ শতাংশ। সেই হাৰ ৪.৩৬ শতাংশ বৃদ্ধি পাইছে।

ইফালে, দেশত অমিক্ৰনৰ আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। বৰ্তমান, দেশখনত অমিক্ৰনৰ দ্বাৰা ৯,৬৮৩ জন লোক আক্ৰান্ত হৈছে। ইফালে, কোভিডৰ মৃত্যুৰ সংখ্যা হৈছে ৭০৩ জন। বিগত এটা দিনত ভাৰতত ২ লাখ ৫১ হাজাৰ ৭৭৭ জন লোক সুস্থ হৈছে।