দেশত পুনৰ হ্ৰাস পাইছে কোভিড সংক্ৰমণ, কমিছে মৃত্যুৰ সংখ্যাও

65

ডিজিটেল ডেস্কঃ যোৱা দুদিনত দেশত হঠাৎ বৃদ্ধি পোৱা কোভিডৰ উৰ্দ্ধমুখী সংক্ৰমণৰ পিছত পুনৰ কিছু হ্ৰাস পাইছে এই মহামাৰীৰ সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১১,১০৬ জন লোক নতুনকৈ কোৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে বৃহস্পতিবাৰৰ দিনটোত দেশত কোভিডত আক্ৰান্ত হৈছিল ১১,৯১৯ জন লোক।

ইফালে দেশত আৰোগ্য লাভৰ হাৰে কিছু সকাহ প্ৰদান কৰিছে। বিগত ২৪ ঘন্টাত দেশত ১২,৭৮৯ জন লোক সুস্থ হৈ উঠিছে। যিটো বৃহস্পতিবাৰৰ তুলনাত বহুত বেছি। কৰোনাত মৃত্যুৰ সংখ্যাও সামান্য হ্ৰাস পাইছে। যোৱা এটা দিনত দেশত কোভিডৰ ফলত ঘটা মৃত্যুৰ সংখ্যা হৈছে ৪৫৯ জন।

আনহাতে দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যাও আজিৰ দিনটোত আটাইতকৈ কম। বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১২৬,৬২০ জন। যিটো মুঠ ঘটনাৰ এক শতাংশতকৈও কম। কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি, বৰ্তমানৰ সক্ৰিয় ভুক্তভোগীৰ হাৰ হৈছে ০.৩৭ শতাংশ।

আজিৰ দিনটোত দিল্লীত কোভিডৰ মৃত্যুৰ সংখ্যা শূন্য। যোৱা ২৪ ঘণ্টাত ৰাজধানীত ৪৭ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। দিল্লীত পজিটিভিটি হাৰ হৈছে ০.০৮ শতাংশ। কেৰালাত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৬,১১১ জন। আনহাতে ৰাজ্যখনত ৭,২০২ জন লোক সুস্থ হৈ উঠিছে। ৫১ জন লোকৰ মৃত্যু হৈছে।

বৰ্তমান, ভাৰত চৰকাৰে টিকাকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বৃহস্পতিবাৰে ৬৫ লাখতকৈও অধিক নাগৰিকক টিকা পালি প্ৰদান কৰে। ইফালে, ১১০ খন দেশে ইতিমধ্যে ভাৰতৰ কভিশ্বিল্ড আৰু কোভেকছিনক স্বীকৃতি দিছে।