দেশত পুনৰ কোভিডৰ ফলত ৬২৪ জনৰ মৃত্যু

75

ডিজিটেল ডেস্কঃ ভাৰতত কোভিড সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও কোৰোনাৰ আতংক কেইবাখনো ৰাজ্যত অব্যাহত আছে। বিশেষকৈ কোৰোনাৰ নতুন প্ৰকাৰ ডেল্টা প্লাছ ভেৰিয়েণ্টৰ সংক্ৰমণ বৃদ্ধিয়ে কেৰালা, তামিলনাডুকে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত উদ্বেগ বৃদ্ধি কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত পুনৰ ৩৮,৭৯২ জন লোক কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত কোভিডৰ ফলত মৃত্যু ঘটে ৬২৪ জন ৰোগীৰ। ইফালে ভাৰতবৰ্ষত এতিয়ালৈকে কোৰোনা আক্ৰান্তৰ মুঠ সংখ্যা ৩ কোটি ৯ লাখ ৪৬ হাজাৰ ৭৪জনলৈ বৃদ্ধি পাইছে।

আনহাতে দেশত বৰ্তমানলৈকে ৩ কোটি ১ লাখ ৪ হাজাৰ ৭২০জন লোকে কোভিডৰ পৰা সুস্থ হৈ উঠিছে। কোৰোণাত মুঠ ৪ লাখ ১১ হাজাৰ ৪০৮জন লোকৰ মৃত্যু ঘটিছে। ইফালে দেশত এতিয়ালৈ ৩৮,৭৬,৯৭,৯৩৬ জন লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন।