ডিজিটেল ডেস্কঃ অমিক্ৰন আতংকৰ মাজতে দেশৰ উৰ্ধমুখী কোভিড গ্ৰাফে পুনৰ আশংকা বৃদ্ধি কৰিছে। ভাৰতত দৈনিক কৰোনা সংক্ৰমণ ২০ শতাংশ বৃদ্ধি পাইছে। আৰু কৰোনা সংক্ৰমণৰ এই বৃদ্ধিয়ে যথেষ্ট চিন্তাৰ সৃষ্টি কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত ৬,৯৮৪ জন লোক নতুনকৈ কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছে। এই সংখ্যা কালিৰ তুলনাত ২০.৭ শতাংশ বৃদ্ধি পাইছে। এই মুহূৰ্তত দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৮৭,৫৬২ জন। যোৱা ২৪ ঘণ্টাত কৰোনাৰ ফলত দেশত ২৪৭ জন লোকৰ মৃত্যু ঘটে।
যোৱা কেইসপ্তাহমানৰ পৰা দেশৰ কোভিড গ্ৰাফ হ্ৰাস পাইছে। অৱশ্যে ইয়াৰ মাজতে ভাৰতত অমিক্ৰনৰ আতংক নিৰন্তৰ বৃদ্ধি পাইছে। এতিয়ালৈকে ভাৰতত ১৩৪.৬১ লাখ ১৪ হাজাৰ ৪৮৩ টা ভেকছিন দিয়া হৈছে।
