দেশত পুনৰ উদ্বেগজনক কোভিড পৰিস্থিতি, মহাৰাষ্ট্ৰত অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পাইছে সংক্ৰমণ

140
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

কঠোৰ নিষেধাজ্ঞাৰ বাবে দেশত সামগ্ৰিকভাৱে ক’ৰোনাৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু মাৰাত্মক ভাইৰাছটো এতিয়াও নাইকিয়া হোৱা নাই বুলি কোৱা হৈছে। নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। ভাৰতৰ বাকী অংশত এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাটো সম্ভৱ হৈ উঠিছে যদিও মহাৰাষ্ট্ৰৰ কোভিড গ্ৰাফে উদ্বেগ সৃষ্টি কৰিছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৬০ শতাংশ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৫২৩৩ জন লোক আক্ৰান্ত হৈছে ক’ৰোনা ভাইৰাছত। যিটো কালিৰ তুলনাত বহুত বেছি। ইয়াৰে কেৱল মহাৰাষ্ট্ৰতে এদিনতে ১,৮৮১ জন লোক আক্ৰান্ত হৈছে। সংক্ৰমণ ৬০ শতাংশ বৃদ্ধি পাইছে। মুম্বাইৰ পৰিস্থিতিও যথেষ্ট উদ্বেগজনক। এদিনতে ৬৩ শতাংশ বৃদ্ধি পাইছে ভুক্তভোগীৰ সংখ্যা। ব্যৱসায়িক চহৰখনত এদিনতে ১২০০ৰো অধিক লোকে সংক্ৰমিত হয়। চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰো বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি ভাৰতত এদিনতে কৰ’নাত ৭ জন লোকে প্ৰাণ হেৰুৱালে। দেশত এতিয়ালৈকে কোভিডত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৫ লাখ ২৪ হাজাৰ ৬১৫ জন। যোৱা ২৪ ঘণ্টাত সক্ৰিয় ক’ৰোনা ৰোগীৰ সংখ্যাও বহু পৰিমাণে বৃদ্ধি পাইছে। বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ২৬,৬৫৬ জনলৈ বৃদ্ধি পাইছে। সমগ্ৰ দেশতে সক্ৰিয় ৰোগীৰ হাৰ ০.০৬ শতাংশ বৃদ্ধি পাইছে।

অৱশ্যে সুস্থ হোৱাৰ হাৰ কিছু সন্তোষজনক। পৰিসংখ্যা অনুসৰি দেশত এই পৰ্যন্ত ৪ কোটি ২৬ লাখ ৩৬ হাজাৰ ৬১০ জন লোক কোৰোনাৰ পৰা মুক্তি লাভ কৰিছে। ইয়াৰে বিগত ২৪ ঘণ্টাত ৩৩৪৫ গৰাকী কোৰোণাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ হৈছে ৯৭.৬২ শতাংশ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত এই পৰ্যন্ত ১৯ কোটি ৪৩ লাখতকৈ অধিক ড’জ কৰ’ণাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ১৪ লাখৰো অধিক লোকক কালি টিকাকৰণ কৰা হৈছিল। বুষ্টাৰ ড’জৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। প্ৰতিষেধক প্ৰত্যাহাৰ কৰাৰ উপৰিও কোৰোনা ৰোগী চিনাক্তকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে যাতে নিষেধাজ্ঞা উঠাই দিলেও সংক্ৰমণ কোনো ধৰণে বিয়পি নাযায়। কালি দেশত ৩ লাখ ১৩ হাজাৰ ৩৭১ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল।