দেশৰ কোৰোনাৰ নিম্নগামী সংক্ৰমণৰ হাৰে বৃহৎ সকাহ দিছে দেশবাসীক। মঙলবাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যনুসৰি যোৱা ২৪ ঘণ্টাত দেশখনত ১৮,৭৯৫ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। আনহাতে এই সময়ছোৱাত ১৭৯ জন লোকৰ নতুনকৈ মৃত্যু হৈছে। এই সময়ছোৱাত, কোৰোনাৰ পৰা ২৬০৩০ জন লোক আৰোগ্য হৈছে।
দেশখনত এতিয়ালৈকে মুঠ ৩ কোটি ৩৬ লাখ ৯৭ হাজাৰ ৫৮১ জন লোক কোৰোনাৰ দ্বাৰা প্ৰভাৱিত হৈছে। অৱশ্যে ইয়াৰ ভিতৰত ৩ কোটি ২৯ লাখ ৫৮ হাজাৰ ২ জন লোক আৰোগ্য হৈছে। দেশত এতিয়ালৈকে কৰোনাৰ ফলত ৪,৪৭,৩৭৩ জন লোকৰ মৃত্যু হৈছে। দেশত এতিয়া ২৯২,২০৬ জন ৰোগীৰ চিকিৎসা চলি আছে।
বিশেষজ্ঞসকলে ভেকছিনক কৰোনাৰ বিৰুদ্ধে যুঁজত এটা সঁজুলি বুলি বিবেচনা কৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এতিয়ালৈকে দেশত ৮৭৭.৮ ৬৩৬ জন লোকক টিকাকৰণ কৰা হৈছে। যোৱা ২৪ ঘণ্টাত, দেশত ১২২২৫২৫ জন লোকক ভেকছিন প্ৰদান কৰা হৈছে।
