কোভিডৰ ভয়ংকৰ পৰিস্থিতি এতিয়া ভাৰতত। প্ৰতিদিনে প্ৰায় ৪ লক্ষ লোক এই মহামাৰীত আক্ৰান্ত হৈছে। প্ৰাণ হেৰুৱাই আহিছে প্ৰতিদিনে হাজাৰ হাজাৰ লোকে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত পুনৰ ৩,৮২,৩১৫ জন লোক এই মহামাৰীত আক্ৰান্ত হয়। আনহাতে এই সময়ছোৱাত ৩৭৮০ জনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটে।
বৰ্তমানলৈ দেশত ১৬,০৪,৯৪,১৮৮ জন লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন। ইফালে বৰ্তমানলৈ দেশত কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ সৰ্বমুঠ ২,০৬,৬৫,১৪৮ জন। কোভিডত আক্ৰান্ত হৈ দেশত বৰ্তমানলৈ মৃত্যু হয় ২,২৬,১৮৮ জনৰ। বৰ্তমান দেশত কোভিডত আক্ৰান্ত হৈ আছে ৩৪,৮৭,২২৯ জন ।