দেশত আকৌ বৃদ্ধি পাইছে কোভিড সংক্ৰমণ

83

ভাৰতত কোৰোনা সংক্ৰমণৰ হাৰৰ বৃদ্ধি-হ্ৰাস অব্যাহত আছে। কোনোবাদিনা যদি হ্ৰাস পাইছে কোভিড সংক্ৰমণ, তাৰ পিছতে পুনৰ সংক্ৰমণ বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে গৱেষকসকলক। যোৱা ২৪ ঘণ্টাত দেশত পুনৰ ১৬,০০০ জন লোক নতুনকৈ কোভিড পজিটিভ ধৰা পৰে। আনহাতে এই সময়ছোৱাত ৩৭৯ জনৰ মৃত্যু ঘটে। ইফালে, ১৯,৩৯১ জন ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। অৱশ্যেই, বিগত ২৪ ঘণ্টাত কোৰোনাৰ ফলত ঘটা মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

উল্লেখ্য যে, যোৱা সপ্তাহত দেশত কোভিডৰ ফলত মৃত্যু ঘটে লোকৰ সংখ্যা ৩০০ৰো তললৈ নামিছিল যদিও দেশজুৰি পালন হোৱা নৱৰাত্রী আৰু দুৰ্গাপূজাৰ সময়ত পুনৰ এই সংখ্যা বৃদ্ধি পাইছে।

উৎসৱৰ বতৰত দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ আকৌ এবাৰ তীব্ৰ হৈ পৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত কোৰোনাত আক্ৰান্ত ২ লাখ ৩ হাজাৰ ৬৬৭ জন ৰোগীৰ চিকিৎসা চলি আছে। আনহাতে ৩ কোটি ৩৩ লাখ ৮২ হাজাৰ ১০০ জন লোকে এতিয়ালৈকে আৰোগ্য লাভ কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশত কোৰোনাৰ সুস্থতাৰ হাৰ ৯৮.০৭ শতাংশলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত মুঠ ১১.৮০ লাখ নমুনা পৰীক্ষা কৰা হয়। এতিয়ালৈকে ৫৮.৮৮ কোটিতকৈও অধিক নমুনা পৰীক্ষা কৰা হৈছে।