দেশত অমিক্ৰনৰ আতংক: ২৬০ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

116

দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোনাৰ নতুন ভেৰিয়েন্ট অমিক্ৰন। যাৰ ফলত বৃদ্ধি পাইছে আতংকৰ। দেশৰ ১৬ খন ৰাজ্যলৈ ইতিমধ্যে সংক্ৰমিত হৈছে এই ভাইৰাছ।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, দেশত এতিয়ালৈকে অমিক্ৰন আক্ৰান্তৰ সংখ্যা ২৬০ জনলৈ বৃদ্ধি পাইছে। যাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহলৈ পত্ৰ লৈ সতৰ্কবাণী জাৰি কৰিছে।

বৰদিন আৰু নৱবৰ্ষ উদযাপনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে কেইবাখনো ৰাজ্যত ১৮ বছৰৰ উৰ্ধৰ সকলো লোকৰ বাবে দুয়োপালি কোভিড টিকা বাধ্যতামূলক কৰা হৈছে।

অমিক্ৰনৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষজ্ঞ সকলৰ সৈতে অতি শীঘ্ৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব বুলি জানিব পৰা গৈছে।