দেবাংগনা কলিতাৰ মুক্তি আৰু টোলগেট বন্ধৰ দাবীত ৰাজ্যজুৰি ধৰ্ণা

104

ষ্টাফ ৰিপৰ্টাৰ : কা বিৰোধী আন্দোলনৰ নেত্ৰী, জে এন ইউৰ গৱেষিকা ছাত্ৰী দেবাংগনা কলিতাৰ বিনাচৰ্তে মুক্তি দিয়া, টোলগেট বন্ধ কৰাৰ দাবীত নিখিল ভাৰত ছাত্ৰ সন্থা (আইছা) আৰু বিপ্লৱী যুৱ সন্থা (আৰ ৱাই এ)ৰ আহ্বান ক্ৰমে শুকুৰবাৰে বিশ্বনাথ, বিহালী, যোৰহাট, টিয়ক, ৰহা, ডিব্ৰুগড়, ৰাজগড়, তিনিচুকীয়া, পানীতোলা আদি অঞ্চলত শাৰিৰীক দূৰত্ব মানি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্ণা কাৰ্যসূচীত সুব্ৰত তালুকদাৰ, ধনঞ্জয় দাস, নোমল চাওৰা, পৰিমল গোড়, বিশাল কল, ৰাজেন ৰাজ, অনিতা হাচা, শ্যামল মুণ্ডা, ইচাক টিৰ্কি, অনন্ত হাজৰিকা, কুন্তী তাতি, আদি নেতৃবৃন্দই অংশগ্ৰহণ কৰে। আইছাৰ ৰাজ্যিক সমিতিৰ সভাপতি সুব্ৰত তালুকদাৰ, সম্পাদক ধনঞ্জয় দাস, বিপ্লৱী যুৱ সন্থাৰ নোমল চাওৰা, পৰিমল গোড়য়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কয় ” যি সময়ত জনগণে কৰ’ণা মহামাৰীৰ কৱলত নিজৰ জীৱন জীৱিকা হেৰুৱাই এক অনিশ্চিত বৰ্তমান-ভৱিষ্যতৰ কবলত দিন কটাইছে সেই সময়ত বিজেপি চৰকাৰখনে কৰ’ণা মহামাৰী আৰু লক ডাউনৰ সুযোগ লৈ আন্দোলনকাৰী যুৱ ছাত্ৰ কৰ্মীৰ ওপৰত মিছা গোচৰ জাপি দি ৰাষ্ট্ৰ নিপীড়নৰ বুলড্ৰেজাৰ চলাইছে। কা বিৰোধী আন্দোলনৰ নেতা অখিল গগৈক জামিন পোৱাৰ পিচতো বাৰে বাৰে নতুন নতুন গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি ৰাখিছে, তেনেদৰে জে এন ইউৰ সংগ্ৰামী ছাত্ৰ নেতাসকলকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে, কাৰাগাৰলৈ নিক্ষেপ কৰিছে। অসম সন্তান জে এন ইউৰ মেধাবী ছাত্ৰী, কা বিৰোধী আন্দোলনৰ নেত্ৰী দেবাংগনা কলিতা আৰু তেওৰ সহযোগী নাটাছাক দিল্লী আৰক্ষীয়ে সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত কৰি গ্ৰেপ্তাৰ কৰিছে আৰু জামিন পোৱাৰ পিছতো হত্যাৰ মিছা অভিযোগ জাপি দি পুনৰ আটক কৰিছে। এই ঘটনাৰাজিয়ে ষ্পষ্ট কৰিছে যে চৰকাৰে দেশত গণতন্ত্ৰৰ ভেটিটোকে উভালি পেলাই ফেচিবাদী শাসন জাপি দিছে আৰু আন্দোলনকাৰী শক্তিসমূহক কাৰাগাৰত ভৰাই ৰাখি এই শাসন নিষ্কণ্টক কৰিব বিচাৰিছে। এই চৰকাৰৰ ওচৰত সংবিধান, গণতন্ত্ৰ এতিয়া অলংকাৰতহে পৰিণত হবলৈ গৈ আছে। আনহাতে মহামাৰীৰ পৰিস্থিতিত জনগণৰ আৰ্থিক সমস্যা, জীৱিকা সংকট সমাধানৰ পদক্ষেপ লোৱাৰ পৰিবৰ্তে ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰখনে একাধিক টোলগেট স্থাপন কৰি ৰাইজৰ পকেট লুট কৰাৰ চৰম অন্যায়কাৰী ব্যৱস্থা জাপি দিছে। টোলগেটৰ ফলত বৰ্তমানে ভয়াবহ হৈ পৰা মূল্যবৃদ্ধিৰ প্ৰকোপ দুগুণে চৰিব। অসমৰ ৰাইজে টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল, কিন্তু চৰকাৰখনে ইয়াৰ প্ৰতি ভেঙুচালি কৰি এটাৰ পিছত আনটোকৈ টোলগেট স্থাপন কৰি গৈছে। বিজেপি চৰকাৰে শাসনত দেশৰ সমস্ত সম্পদ কৰ্পৰেট গোষ্ঠীৰ হাতত গটাই দিয়াৰ স্বাৰ্থতে জনগণৰ বাক স্বাধীনতা, প্ৰতিবাদ কৰাৰ অধিকাৰ, সমালোচনা কৰা বিতৰ্ক কৰা অধিকাৰসহ সকলো সাংবিধানিক অধিকাৰ কাঢ়ি নিবলৈ ৰাষ্ট্ৰযন্ত্ৰটোক ব্যৱহাৰ কৰিছে। ভয় খুৱাই মুখ বন্ধ কৰি ৰখাই হৈছে লক ডাউন বা তলাবন্ধৰ সময়ত চৰকাৰখনে গ্ৰহণ কৰা দমনমূলক পদক্ষেপৰ উদ্দেশ্য।
প্ৰেছ বিজ্ঞপ্তিটোত সংগঠন দুটাই বিজেপি চৰকাৰৰ সকলো দমনলৈ ভয় নকৰি ৰাজপথত প্ৰতিবাদ গঢ়ি তুলিবলৈ অসমৰ যুৱ ছাত্ৰ সমাজৰ প্ৰতি আহ্বান জনাইছে।