দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ মুকলি

420

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত দেউৰী স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰে।

অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন।

গুৱাহাটীৰ বশিষ্ঠস্থিত অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী শৰ্মাই মুকলি কৰা ‘সংকল্প পত্ৰ’ত দেউৰী জনজাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি দিয়া হৈছে।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী শর্মাই কয় যে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ অধীনত অসম চৰকাৰে ৭ লাখ নতুন হিতাধিকাৰী সংযোজন কৰিব৷

‘দেউৰী জনজাতিৰ ১০০ বছৰ পুৰণি পূজাস্থলীলৈ ৰাজ্য চৰকাৰে ১০ লাখ টকাকৈ আগবঢ়াব। দেউৰী জনজাতিৰ অন্যান্য পূজাস্থলীলৈও ৰাজ্য চৰকাৰে ২.৫০ লাখ টকা দিব।’-এইদৰে কয় শৰ্মাই।

শৰ্মাই আৰু কয় যে বিজেপি আৰু ইয়াৰ মিত্ৰ দলটোৱে ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে আৰু এই দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিও জয়ী হ’ব বুলি তেওঁ অত্যন্ত আত্মবিশ্বাসী।

বিজেপিয়ে ২২খন পৰিষদৰ আসনৰ ভিতৰত ১৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব মিত্ৰ দল অগপই।